Answer:
transpreat in assamese.
joi ai axom
শ্ৰীনিবাস ৰামানুজনৰ জন্ম হয় ১৮৮৭ চনৰ ২২ ডিচেম্বৰত দক্ষিণ ভাৰতৰ তাঞ্জোৰ জিলাৰ আৰোপ চহৰৰ এটা দৰিদ্ৰ ব্ৰাহ্মণ পৰিয়ালত। তেওঁৰ ককাক আৰু দেউতাক কুম্ভকোনামৰ এজন কাপোৰ ব্যৱসায়ী সদাগৰৰ হিচাপ ৰক্ষক আছিল।মাকৰ ফালৰ ককা-দেউতাকে ইৰোদৰ মুঞ্চিফ আদালতত সৰু চাকৰি এটা কৰিছিল।
১৮৯২ চনত পাঁচ বছৰ বয়সত স্থানীয় প্ৰাইমাৰী বিদ্যালয়ত ভৰ্তি হৈ ৰামানুজনে আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰিছিল।১৮৯৪ চনত তেওঁ সেই পঢ়াশালিৰ পৰা গৈ কুম্ভকোনামৰ টাউন হাইস্কুলত নামভৰ্তি কৰে।১৮৯৭ চনত তেওঁ প্ৰাইমাৰী স্কুলৰ পৰীক্ষাত তাঞ্জোৰ জিলাৰ ভিতৰত কৃতী ছাত্ৰ আৰু ছাত্ৰীৰ মাজত সৰ্বোচ্চ স্থান অধিকাৰ কৰে।পৰীক্ষাৰ ভাল ফলাফলৰ বাবে স্কুল কৰ্তৃপক্ষই তেখেতৰ বিদ্যালয়ৰ মাছুল আধা কৰি দিয়ে।
১৯০৯ চনত ৰামানুজনে বিয়া কৰায় আৰু পুনৰবাৰ চাকৰিৰ বাবে চেষ্টা কৰে। সেই সময়তে তেওঁ ভাৰতীয় গণিত সমাজৰ প্ৰতিষ্ঠাতা ভি.ৰামস্বামী আয়াৰৰ সংস্পৰ্শলৈ আহে। ৰামানুজনে নিজৰ আশা-আকাঙ্ক্ষাৰ কথা সকলো বিৱৰি কৈ এটা কেৰাণীৰ চাকৰিৰ বাবে আবেদন কৰে।ৰামস্বামী আয়াৰে হয় ৰামানুজনৰ কথা-বতৰা শুনি, তেওঁৰ টোকাবহী চাই তেওঁৰ প্ৰতিভাৰ আভাস পালে।সেয়ে তেওঁ কুম্ভকোনম গৰ্ভমেণ্ট কলেজৰ প্ৰিন্সিপাল পি ভি চেণ্ড আয়াৰ আৰু নেলোৰৰ জিলা প্ৰশাসক দেৱান বাহাদুৰ ৰামচন্দ্ৰৰ ৰাওৰ ওচৰলৈ ৰামানুজনক পঠাই দিয়ে। তেওঁলোক দুজনে লগ লাগি ৰামানুজনক মাদ্ৰাজলৈ পঢ়িবলৈ পঠাই আৰু বৃত্তি এটা দিয়াৰ ব্যৱস্থা কৰিবলৈ ধৰে যদিও বৃত্তি নোপোৱালৈকে মাদ্ৰাজত থকা-খোৱাৰ খৰছ দেৱান ৰায়বাহাদুৰে বহন কৰি থাকিল।কিন্তু বৃত্তিটো হৈ নুঠিলত ৰামানুজনে বাহাদুৰৰ ওপৰত নিজে বোজা হ’বলৈ নিবিচাৰি সেই সাহায্য প্ৰত্যাখান কৰে আৰু নিজে চাকৰি বিচাৰিবলৈ ধৰে। অৱশেষত ১৯১২ চনৰ ৯ ফেব্ৰুৱাৰীত মাদ্ৰাছ পৰ্ট ট্ৰাষ্টৰ অফিচত মাহে ত্ৰিশ টকা দৰমহাৰ এটা চাকৰি লাভ কৰে।১৯১২ চনত সেই আলোচনীতে ৰামানুজনৰ আৰু দুটা প্ৰবন্ধ প্ৰকাশ হয়।
সৰুৰে পৰাই ৰামানুজন শান্ত আৰু চিন্তাশীল আছিল।গণিত আৰু সংস্কৃত এই দুটা বিষয়ৰ প্ৰতি ৰামানুজনৰ যথেষ্ট আগ্ৰহ আছিল। অংকৰ প্ৰতি তেওঁৰ ধাউতি ক্ৰমান্বয়ে বাঢ়ি আহিছিল আৰু ওপৰৰ শ্ৰেণীৰ লʼৰা আৰু নিজৰ শিক্ষকক ভালেমান কথা সুধিছিল।
১৯১৪ চনৰ মাৰ্চ মাহত ৰামানুজনে বিলাত অভিমুখে যাত্ৰা কৰে।তাত কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ ত্ৰিনিটি কলেজত ভৰি দিয়ে। থকা-খোৱাৰ চিন্তাৰ পৰা মুক্ত হৈ ৰামানুজনে পূৰ্ণোদ্যমে গৱেষণাত বহে। তেওঁৰ লগত প্ৰফেচৰ হাৰ্ডি আৰু প্ৰফেচৰ লিটলউদ আছিল। তেওঁলোকে ৰামানুজনৰ প্ৰবন্ধসমূহ ইংৰাজী আলোচনীৰ যোগেদি প্ৰকাশ কৰিবলৈ ধৰে। সকলোফালে ৰামানুজনে কামৰ প্ৰশংসা লাভ কৰে।পৰিশ্ৰমৰ ফল পালেও ৰামানুজনৰ শৰীৰ দুৰ্বল হৈ আহিছিল আৰু ১৯১৭ চনত কিছুদিন তেওঁ কেমব্ৰিজৰ নাৰ্ছিংহোমত থাকিবলগীয়া হয়।১৯১৮ চনৰ শৰৎকালত তেওঁৰ শৰীৰ ভাললৈ আহিবলৈ ধৰে আৰু তেওঁ পুনৰ গৱেষণাৰ কামত নিয়োজিত হয়।
১৯১৯ চনৰ ২৭ ফেব্ৰুৱাৰীত ৰামানুজন ভাৰত অভিমুখে ৰাওনা হয় আৰু এপ্ৰিলৰ দুই তাৰিখে মাদ্ৰাছ পায়হি। সমুদ্ৰ যাত্ৰাই আৰু ভাৰতৰ জলবায়ুয়ে তেওঁৰ স্বাস্থ্যৰ উন্নতি সাধিব বুলি ভাবিলেও হিতে বিপৰীত হ'ল। ক্ৰমে ক্ৰমে তেওঁৰ স্বাস্থ্য পৰি আহে।
ভাৰতলৈ উভতি অহাৰ পাছত ৰামানুজনৰ শৰীৰ ক্ৰমান্বয়ে দুৰ্বল হৈ পৰে আৰু অনেক চিকিৎসাৰ অন্তত ১৯২০ চনৰ ২৬ এপ্ৰিল তাৰিখে মাদ্ৰাছৰ উপকণ্ঠ ছেঠপুৰত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। সেই সময়ত গণিতজ্ঞ গৰাকীৰ বয়স আছিল মাত্ৰ ৩৩ বছৰ।
mark this answer as Brainlist
Copyright © 2024 EHUB.TIPS team's - All rights reserved.
Answers & Comments
Answer:
transpreat in assamese.
joi ai axom
Answer:
শ্রী নিবাস ৰামানুজন